NKTV Digital
Author: NKTV Digital

প্ৰধানমন্ত্ৰীকে ধৰি ৪১জনৰ ঘৰত অগ্নিসংযোগ, ক্ষান্ত হোৱা নাই জনতা

150

প্ৰধানমন্ত্ৰীকে ধৰি ৪১জনৰ ঘৰত অগ্নিসংযোগ, ক্ষান্ত হোৱা নাই জনতা! ভয়াৱহ পৰিস্থিতি। শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী মহিন্দা ৰাজাপাকছাৰ পদত্যাগৰ পিছতো ক্ষোভৰ সন্মুখীন জনতাৰ। প্ৰধানমন্ত্ৰীকে ধৰি ৪১জনৰ ঘৰত অগ্নিসংযোগ। ব্যাপক অৰ্থনৈতিক সংকটৰ সৈতে যুঁজি থকা দেশখনত নাগৰিকৰ ক্ষোভৰ বহিপ্ৰকাশ। হিংসাত্মক ঘটনাত বহু লোকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে শতাধিক। পৰিস্থিতি মোকাবিলা কৰাৰ কাৰণে শ্ৰীলংকাত জাৰি কৰা হৈছে কাৰ্ফিউ। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মোতায়েন কৰা হৈছে সেনা। হিংসাত্মক ঘটনাত প্ৰাণ হেৰুাইছে শ্ৰীলংকাৰ এজন সাংসদ আমাৰাকেৰ্তি আথুকোৰালাই।

file photo

শ্ৰীলংকাবাসীয়ে ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাকছাৰো পদত্যাগ দাবী কৰি আহিছে যদিও ৰাষ্ট্ৰপতিয়ে কোনো কাৰণতে পদত্যাগ নকৰে বুলি ইতিমধ্যে কেইবাবাৰো স্পষ্ট কৰি দিছে। চৰকাৰী বাসভৱনৰ পলায়ন কৰিছে পৰিয়ালসহ শ্ৰীলংকাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজা পাকছেই। কলম্বোৰ পৰা ২৫০ কিলোমিটাৰ দূৰত্বত থকা ৰাজা পাকছেৰ পৈতৃক ঘৰত জনতাৰ অগ্নিসংযোগ। তিনিজন প্ৰাক্তন মন্ত্ৰী, দুজন সাংসদৰ ঘৰতো অগ্নি সংযোগ। জনতাই অগ্নি সংযোগ কৰিছে বিভিন্ন ঠাইত।

NKTV Digital
Author: NKTV Digital