NKTV Digital
Author: NKTV Digital

কইনাই কইনাক পিন্ধালে আঙঠি! পাৰমিতা আৰু সুৰভিক লৈ দেশজুৰি চৰ্চা

297

মহাৰাষ্ট্ৰৰ নাগপুৰত এখন ব্যতিক্ৰমী বিবাহ। দৰাই কনাইক নহয় এই বিবাহত কইনাই কইনাক পিন্ধালে আঙঠি। বিয়াৰ পূৰ্বে সম্পন্ন হ’ল আঙঠি পিন্ধোৱা পৰ্ব। প্ৰচলিত ধ্যান ধাৰণাৰ বিপৰীতে দুই যুৱতী প্ৰতিশ্ৰুতিবদ্ধ হ’ল আজীৱন একেলগে থাকিবলৈ।

পাৰমিতা মুখাৰ্জী আৰু সুৰভি মিত্ৰ নামৰ দুই যুৱতীৰ এই বাগদানকলৈ দেশজুৰি চলিছে চৰ্চা। পাৰমিতা আৰু সুৰভি পেছাত চিকিৎসক। দুয়োৰে আঙঠি পিন্ধোৱাত উপস্থিত আছিল প্ৰায় ১৫০জন অতিথি।এগৰাকী যুৱতীৰ পিতৃয়েও অংশগ্ৰহণ কৰে এই ব্যতিক্ৰমী আঙঠি পিন্ধোৱা অনুষ্ঠানত। আঙঠি পিন্ধোৱাৰ পিছত দুয়োৰে মন্তব্য তেওঁলোক দুয়োগৰাকীয়েই পত্নী।

তেওঁলোকক স্বামীৰ প্ৰয়োজন নাই। এইয়া প্ৰাকৃতিক বুলি মানি লৈছে এগৰাকী যুৱতীৰ পৰিয়ালেও সেয়ে এই বিবাহত জনোৱা নাই কোনোধৰনৰ আপত্তি। ইতিমধ্যে আইনী বিবাহৰ বাবেও আবেদন কৰিছে দুয়ো। দুয়োৰে ইচ্ছা গোৱাত আৰম্বড় পূৰ্ণভাৱে অনুষ্ঠিত কৰিব তেওঁলোকৰ বিবাহ। ভৱিষ্যতে এটি সন্তান তুলি লৈ দুয়ো মাতৃত্বৰ গৌৰৱৰে গৌৰৱান্বিত হোৱাৰ সপোন পুহি লাগিছে।

NKTV Digital
Author: NKTV Digital