‘LOCKOUT’- এক বিশেষ সমীক্ষা আৰু শিক্ষাখণ্ডৰ স্বৰূপ

5 30

ক’ভিড আৰু লকডাউনৰ বাবে ভাৰতৰ প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়সমূহ সম্পূৰ্ণ ১৭ মাহ বন্ধ হৈ আছে, অৰ্থাৎ ৫০০ তকৈও বেছি দিন। এই সময়ছোৱাত, কিছু শিশুৱে অধ্যয়নৰ বাবে যথেষ্ট কষ্ট কৰিব লগা হৈছে, সেয়া অনলাইনেই হওক অথবা অফলাইনেই হওক। এই সময়ত বহুতো শিশু বঞ্চিত হ’ল শিক্ষাৰ অধিকাৰৰ পৰা, ইয়াৰে বহুতেই বিদ্যালয় এৰিছে। কেৱল শিক্ষাৰ অধিকাৰৰ পৰাই যে বঞ্চিত হৈছে তেনে নহয়, বিদ্যালয়ৰ আন আন সুবিধা যেনে সুৰক্ষিত পৰিৱেশ, ভাল পুষ্টিকৰ আহাৰ আৰু এক সুস্থ সামাজিক জীৱনৰ পৰাও বঞ্চিত হৈছে শিশু তথা ছাত্ৰ ছাত্ৰী সকল।

বিশিষ্ট অৰ্থনীতিবিদ, সমাজকৰ্মী অধ্যাপক জিন ড্ৰেজ আৰু দিল্লী আই.আই.টিৰ অৰ্থনীতি বিভাগৰ অধ্যাপিকা ঋতিকা খেড়াই শেহতীয়াকৈ ভাৰতৰ ১৫ খন ৰাজ্যৰ ১৩৬২ টা দুখীয়া পৰিয়ালৰ মাজত চলাইছিল The SCHOOL Children’s Offline and Online Learning(SCHOOL)-শীৰ্ষক এক বিশেষ সমীক্ষা। প্ৰত্যেকটো পৰিয়ালতে প্ৰাথমিক বা মাধ্যমিক বিদ্যালয়ত পঞ্জীকৃত এটি শিশুৰ সাক্ষাৎকাৰ গ্ৰহণ কৰা হৈছিল। এই সমীক্ষাৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে, অনলাইন শিক্ষাই খুবেই সীমিত সংখ্যক শিশুকহে ঢুকি পাইছে। নিয়মীয়াকৈ অধ্যয়ন কৰা স্কুলৰ শিশুৰ অনুপাত হৈছে চহৰ আৰু গ্ৰামাঞ্চলত ক্ৰমে মাত্ৰ ২৪% আৰু ৮% । দুখীয়া পৰিয়ালৰ শিশুৰ মাজত অনলাইনযোগে পঢ়িবলৈ অসুবিধা হোৱাৰ মূল কাৰণ সমূহ হৈছে- স্মাৰ্টফোনৰ অভাৱ, সংযোগৰ অভাৱ, ”ডাটা”ৰ কাৰণে অৰ্থৰ অভাৱ, অনলাইন পঠন সামগ্ৰী পঠিয়াবলৈ স্থানীয় বিদ্যালয়ৰ অক্ষমতা, পঠন সামগ্ৰীসমূহ বুজাত অসুবিধা আদি।

লকডাউনৰ সময়ছোৱাত সাক্ষৰতাৰ হাৰো দ্ৰুতগতিত নিম্নগামী হোৱাৰ তথ্য প্ৰকাশ পাইছে এই সমীক্ষাত। সমীক্ষাত প্ৰকাশ পোৱা মতে, তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰণীত পঞ্জীয়ন ভুক্ত আধাসংখ্যকেই কেইটামান শব্দৰ বাহিৰে বাকীবোৰ পঢ়িবলৈ অক্ষম হৈছে। গ্ৰামাঞ্চলত ৪২% শিশুৱেই এটাও শব্দ পঢ়িব পৰা নাই। অৱশ্যে কেৱল লকডাউনৰ বাবেই সাক্ষৰতাৰ হাৰ নিম্নগামী হৈছে বুলি ক’লেও ভুল হ’ব। কিয়নো পূৰ্বৰে পৰা এই বিদ্যালয়সমূহত নাছিল গুণগত শিক্ষাৰ উপযুক্ত সুবিধা আৰু পৰিৱেশ।

সম্পূৰ্ণ প্ৰতিবেদনখন পঢ়িবলৈ roadscholarz.net এই লিংকত ক্লিক কৰক।

5 Comments
  1. click to read says

    811509 164739I as properly believe thence , perfectly pent post! . 53699

  2. pgslot says

    833521 562994How do I know if a WordPress theme supports a subscribe option? 515983

  3. 926838 364053A weblog like yours need to be earning significantly funds from adsense.~::- 995626

  4. 946535 920926Music began playing when I opened up this web-site, so irritating! 728183

  5. modern office design trends says

    746855 13479Quite man or woman speeches need to seat giving observe into couples. Brand new sound system just before unnecessary individuals need to always be mindful of usually senior common rule from public speaking, which is to be the mini. greatest man speaches 330719

Leave A Reply

Your email address will not be published.