NKTV Digital
Author: NKTV Digital

মুখ্য সচিব জিষ্ণু বৰুৱাৰ অসম-মেঘালয় সীমান্ত অঞ্চল পৰ্যবেক্ষণ

81

গুৱাহাটী, ২১ জুলাই, NKTV: সীমান্তৰ বুজ ল’বলৈ বকোত উপস্থিত ৰাজ্যৰ মুখ্য সচিব। মুখ্য সচিব জিষ্ণু বৰুৱাই পৰ্যবেক্ষণ কৰিলে অসম-মেঘালয় সীমান্ত অঞ্চল। মুখ্য সচিবজনে হাহিম পথৰে মেঘালয়ৰ বহু ভিতৰলৈকে সোমাই গৈ অঞ্চলটো পৰ্যবেক্ষণ কৰা পৰিলক্ষিত হ’ল। হাহিমত সীমান্ত পহৰা চকীত উপস্থিত হৈ গাওঁৰ গাঁওবুঢ়া, মণ্ডলৰ সৈতে সীমান্ত সমস্যা সম্পৰ্কে পৰ্যালোচনাত মিলিত হয়। সীমান্ত অঞ্চল পৰ্যবেক্ষণৰ সময়ত মুখ্য সচিবজনৰ সৈতে উপস্থিত থাকিল জিলা উপায়ুক্ত কৈলাস কাৰ্ত্তিক। ইয়াৰ উপৰিও সীমান্ত অঞ্চল পৰ্যবেক্ষণৰ সময়ত আন বহুকেইজন প্ৰশাসনৰ শীৰ্ষ বিষয়াও উপস্থিত থকা দেখিবলৈ পোৱা গ’ল। উল্লেখযোগ্য যে, বকোৰ গিজাং বনাঞ্চলৰ সীমান্তৱৰ্তী এলেকাও পৰিদৰ্শন কৰিলে মুখ্য সচিবজনে।

NKTV Digital
Author: NKTV Digital