NKTV Digital
Author: NKTV Digital

কাইলৈৰ পৰা আৰম্ভ হ’ব গুণোৎসৱ, জানি লওক কোন জিলাত কেতিয়া হ’ব গুণোৎসৱ?

263

কাইলৈৰ পৰা তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব গুণোৎসৱ। গুণোৎসৱৰ প্ৰথম পৰ্যায়ে সামৰি ল’ব ১১ জিলাক। ২৩ মে’ৰ পৰা আৰম্ভ হ’ব দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ।
প্ৰথম পৰ্যায়ে সামৰি ল’ব বিশ্বনাথ, বঙাইগাঁও, দৰং, নগাঁও, ধেমাজি, ডিব্ৰুগড়, গোৱালপাৰা, কৰিমগঞ্জ আৰু কাৰ্বি আংলং জিলাক। দ্বিতীয় পৰ্যায়ত ১২ জিলাক সামৰি ল’ব গুণোৎসৱে। বৰপেটা, গোলাঘাট, হাইলাকান্দি, হোজাই, কামৰূপ, কোকৰাঝাৰ, মাজুলী, মৰিগাঁও, শিৱসাগৰ,তিনিচুকীয়া, ওদালগুৰি আৰু
দক্ষিণ শালমৰা-মানকাচৰ জিলাকো সামৰি ল’ব দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱে। ১ জুনৰ পৰা আৰম্ভ হ’ব তৃতীয় পৰ্যায়ৰ গুণোৎসৱ। তৃতীয় পৰ্যায় সামৰি ল’ব মুঠ ১১খন জিলাক। তৃতীয় পৰ্যায়ৰ গুণোৎসৱে সামৰি ল’ব বাক্সা, কাছাৰ, চিৰাং, ধুবুৰী, ডিমা হাচাও, যোৰহাট, কামৰূপ(মঃ), লখিমপুৰ, নলবাৰী, শোণিতপুৰ, পশ্চিম কাৰ্বি আংলং জিলাও সামৰি ল’ব তৃতীয় পৰ্যায়ৰ গুণোৎসৱে।

NKTV Digital
Author: NKTV Digital