NKTV Digital
Author: NKTV Digital

ভয়ংকৰ গৰমত ফ্ৰান্সত ৭,৩০০ৰো অধিক অতিৰিক্ত মৃত্যু

62

ফ্ৰান্সত এইবাৰ অভিলেখ সৃষ্টি কৰা তীব্ৰ গৰমে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। একেৰাহে অহা তিনিটাকৈ তাপপ্ৰবাহৰ মাজতে দেশখনত এতিয়ালৈ ৭,৩০৭টা অতিৰিক্ত মৃত্যুৰ তথ্য পোহৰলৈ আহিছে।

ফ্ৰান্সৰ জনস্বাস্থ্য সংস্থা Santé Publique France-এ বুধবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, অত্যধিক গৰমৰ সময়ছোৱাত স্বাভাৱিক মৃত্যুৰ হাৰৰ তুলনাত এই অতিৰিক্ত মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে।

স্বাস্থ্য সংস্থাটোৰ তথ্য অনুসৰি, ২ জুলাইৰ পৰা ২২ জুলাইলৈ ১,২৪৩টা অতিৰিক্ত মৃত্যু নথিভুক্ত হৈছে। ইয়াৰ পূৰ্বে ১৭ জুনৰ পৰা ৩০ জুনলৈ ৫,৭৬৪টা অতিৰিক্ত মৃত্যু আৰু মে’ মাহৰ শেষৰ ফালে অহা প্ৰথমটো তাপপ্ৰবাহৰ সময়ত প্ৰায় ৩০০টা মৃত্যু সংঘটিত হৈছিল।

এই তিনিটা সময়ছোৱাৰ মৃত্যুৰ সংখ্যা একত্ৰিত কৰিলে মুঠ অতিৰিক্ত মৃত্যুৰ সংখ্যা ৭,৩০৭ হয়।

এইবাৰ গ্ৰীষ্মকালত ফ্ৰান্সে একেৰাহে তিনিটা তাপপ্ৰবাহৰ সন্মুখীন হৈছে। জুন মাহত ১৪ দিন ধৰি চলা তাপপ্ৰবাহৰ পাছত জুলাইত ১৬ দিনীয়া আন এটা তাপপ্ৰবাহ আহে। ইয়াৰ পিছত জুলাইৰ শেষৰ ফালে আৰম্ভ হোৱা তৃতীয়টো তাপপ্ৰবাহ ১৮ আগষ্টলৈকে ২২ দিন ধৰি অব্যাহত আছিল।

ইয়াৰ ফলত জুন মাহৰ মাজভাগৰ পৰা ফ্ৰান্সত মুঠ ৫২ দিন তাপপ্ৰবাহৰ পৰিস্থিতি সৃষ্টি হৈছে, যিটো এক অভিলেখ।

কেৱল তাপপ্ৰবাহৰ সময়সীমাই নহয়, তাপমাত্ৰাৰ ক্ষেত্ৰতো এইবাৰ নতুন অভিলেখ গঢ়িছে ফ্ৰান্সে। ২৪ আৰু ২৫ জুনত মূল ভূখণ্ড ফ্ৰান্সৰ গড় তাপমাত্ৰা ৩০ ডিগ্ৰী চেলছিয়াছত উপনীত হয়। দেশখনৰ ৩০টা নিৰ্বাচিত বতৰ কেন্দ্ৰৰ দিন আৰু নিশাৰ তাপমাত্ৰাৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা ৰাষ্ট্ৰীয় তাপমাত্ৰা সূচক অনুসৰি, এয়া দেশখনৰ এতিয়ালৈকে সৰ্বাধিক গৰম দিন।

ইফালে, জুলাইৰ শেষৰ ফালে আৰম্ভ হোৱা বৰ্তমানৰ তাপপ্ৰবাহটো ইতিমধ্যে ফ্ৰান্সৰ দ্বিতীয় দীৰ্ঘতম তাপপ্ৰবাহ হিচাপে পৰিগণিত হৈছে। ২২ দিন ধৰি চলি থকা এই তাপপ্ৰবাহটো ১৯৮৩ চনৰ জুলাই মাহত নথিভুক্ত হোৱা ২৩ দিনীয়া তাপপ্ৰবাহৰ অভিলেখৰ অতি ওচৰত আছে।

ফ্ৰান্সৰ বাবে অত্যধিক গৰম নতুন সমস্যা নহয়। ২০০৩ চনৰ ভয়ংকৰ তাপপ্ৰবাহত ১৫,০০০ৰো অধিক লোকৰ অতিৰিক্ত মৃত্যু হৈছিল। অৱশ্যে ২০০৩ চনৰ তাপপ্ৰবাহৰ মূল পৰ্যায়টো প্ৰায় দুসপ্তাহৰ ভিতৰতে সীমাবদ্ধ আছিল।

উল্লেখযোগ্য যে ১৯৪৭ চনৰ পৰা ফ্ৰান্সত এতিয়ালৈ ৫৪টা তাপপ্ৰবাহ নথিভুক্ত হৈছে। ইয়াৰে আধাতকৈ অধিক তাপপ্ৰবাহ ২০১০ চনৰ পিছত সংঘটিত হৈছে। ইয়াৰ ফলত জলবায়ু পৰিৱৰ্তনৰ সৈতে জড়িত অত্যধিক উষ্ণতাৰ ঘটনা ক্ৰমাৎ বৃদ্ধি পোৱাৰ বিষয়টোৱে পুনৰ গুৰুত্ব লাভ কৰিছে।

বৰ্তমানৰ তাপপ্ৰবাহ অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত ফ্ৰান্সৰ স্বাস্থ্য কৰ্তৃপক্ষই পৰিস্থিতি আৰু মৃত্যুৰ হাৰ নিৰীক্ষণ কৰি আছে।

NKTV Digital
Author: NKTV Digital