NKTV Digital
Author: NKTV Digital

আজি টকিঅ’লৈ ৰাউনা হ’ব লাভলীনা বৰগোঁহাই

58

গুৱাহাটী, ১৬ জুলাই, NKTV: টকিঅ’ অলিম্পিকত অংশ লোৱাৰ উদ্দেশ্যে আজি ইটালীৰ প্ৰশিক্ষণ কেম্পৰ পৰা টকিঅ’ লৈ ৰাউনা হ’ব বক্সাৰ লাভলীনা বৰগোঁহাই। পিতৃ টিকেন বৰগোঁহাইক ভিডিঅ’ কল কৰি এই কথা জনালে বক্সাৰ লাভলীনা বৰগোঁহাইয়ে। ধনশিৰি মহকুমাৰ অতি ভিতৰুৱা বাৰমুখীয়া গাঁৱত জন্ম লাভ কৰা পিতৃ টিকেন বৰগোঁহাই আৰু মাতৃ মামনি বৰগোহাঁইৰ জীয়ৰি লাভলীনা বৰগোঁহাইয়ে টকিঅ’ অলিম্পিকত পদক অৰ্জন কৰি দেশবাসীৰ লগতে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰিছে গাঁওবাসীয়ে। পিতৃয়ে আনন্দৰে প্ৰকাশ কৰিলে লাভলীনাৰ শৈশৱৰ লক্ষ্যবোৰৰ কথা। উল্লেখ্য যে, ২৩ জুলাইৰ পৰা অনুষ্ঠিত হ’বলগীয়া টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ধনশিৰি মহকুমাৰ লাভলীনা বৰগোঁহাইয়ে।

NKTV Digital
Author: NKTV Digital