NKTV Digital
Author: NKTV Digital

উত্তৰাখণ্ডত ব্যাপক হাৰত হ্ৰাস পাইছে পৰ্যটকৰ সংখ্যা

52

গুৱাহাটী, ২০ জুলাই, NKTV: উত্তৰাখণ্ডত হ্ৰাস পাইছে পৰ্যটকৰ আগমণ। দেশত অব্যাহত থকা ভয়ংকৰ ক’ভিড পৰিস্থিতিৰ বাবে চৰকাৰে কঠোৰ নীতি বলৱদ কৰিছে। ক’ভিডৰ ভয়াৱহতাৰ প্ৰতি মন কৰি উত্তৰাখণ্ডৰ ৰাজ্য চৰকাৰেও জাৰি কৰিছে কঠোৰ ক’ভিড নীতি। চৰকাৰৰ ক’ভিডকলৈ নিষেধাজ্ঞা কঠোৰ কৰাৰ পিছত উত্তৰাখণ্ডৰ পাহাৰীয়া কেন্দ্ৰসমূহলৈ অহা পৰ্যটকৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে বুলি জানিব পৰা গৈছে। এই কথা সদৰি কৰিলে উত্তৰাখণ্ড হোটেল এছ’চিয়েশ্যনৰ সভাপতি সন্দীপ চাহনীয়ে। এছ’চিয়েশ্যনৰ সভাপতি চাহনীয়ে কয় যে, ‘প্ৰশাসন বৰ কঠোৰ হৈ পৰিছে,পৰ্যটকে কেম্পটি জলপ্ৰপাতৰ ভিতৰত সোমাই স্নান কৰাৰ এটা ভিডিঅ ভাইৰেল হোৱাৰ পিছতেই কিছুমান অপপ্ৰচাৰ বিয়পি পৰিছিল।’
উল্লেখযোগ্য যে কিছুদিন পূৰ্বে কেম্পটি জলপ্ৰপাতত কোনো ধৰণৰ সামাজিক দূৰত্ব নাৰাখি তথা ক’ভিড বিধি ভংগ কৰি একাংশ পৰ্যটকে স্নান কৰাৰ এটা ভিডিঅ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল। এই ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতেই ক’ভিড নীতিকলৈ অধিক কঠোৰ হৈ পৰিছে উত্তৰাখণ্ডৰ ৰাজ্য চৰকাৰ। ৰাজ্য চৰকাৰে কঠোৰ ক’ভিড বিধি বলৱদ কৰাৰ পিছতেই ক্ৰমশঃ উত্তৰাখণ্ডত পৰ্যটকৰ আগমণৰ সংখ্যা হ্ৰাস পোৱা পৰিলক্ষিত হৈছে।

NKTV Digital
Author: NKTV Digital