NKTV Digital
Author: NKTV Digital

৩.৬৬ কোটি টকীয়া ৰাজপথ দেখিলে চকু কপালত উঠিব আপোনাৰ!

95

প্ৰধানমন্ত্ৰী গ্ৰামীণ চড়ক যোজনাৰ পথ নিৰ্মানত বিভাগীয় ঠিকাদাৰৰ বিয়াগোম দুৰ্নীতিৰ অভিযোগ। প্ৰধানমন্ত্ৰী গ্ৰামীণ চড়ক যোজনা আঁচনিৰ জৰিয়তে ৩.৬৬ কোটি টকা মুকলি কৰি দিছিল চৰকাৰে। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ কঠালবাৰী গাঁও পঞ্চায়তৰ এইচ এম ৰোডৰ পৰা উৰামাৰী গাঁৱলৈ প্ৰায় ডেৰ কিলোমিটাৰ চি চি ব্লক পথ আৰু দলং নিৰ্মাণৰ বাবে চৰকাৰে প্ৰধান মন্ত্ৰী গ্ৰামীণ চড়ক যোজনা আঁচনিৰ জৰিয়তে ৩.৬৬ কোটি টকা মোকলাই দিছিল। গুৱাহাটীৰ সৰুমটৰীয়াৰ অমিনুৰ ৰহমান নামৰ বিভাগীয় ঠিকাদাৰজনক এই কামৰ বাবে দায়িত্ব দিয়া হৈছিল। ঠিকাদাৰজনে বিগত প্ৰায় ৩ বছৰ ধৰি অতি লেহেমীয়া গতিৰে দলং নিৰ্মাণ আৰু পথ নিৰ্মাণৰ কাম কৰাৰ লগতে পথ নিৰ্মাণত দুৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগ উঠিছে। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি চি চি ব্লকৰ এই পথ নিৰ্মাণৰ কামত GSB আৰু পথৰ নিয়ম অনুসৰণ কৰা নাই। ৮ ইঞ্চি GSBৰ ঠাইত ঠিকাদাৰজনে মাত্ৰ ডেৰ ইঞ্চি GSB দি ঠায়ে ঠায়ে শিল দিয়াৰ লগতে ঠায়ে ঠায়ে নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে। ঠিকাদাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ।

NKTV Digital
Author: NKTV Digital