NKTV Digital
Author: NKTV Digital

গুৱাহাটীত এক্সপ্ল’ৰাৰ্ছৰ উদ্যোগত বাৰ্ষিক শৈলাৰোহন প্ৰশিক্ষণ

161

দুঃসাহসিক ক্ৰীড়াৰ অগ্ৰণী সংগঠন এক্সপ্ল’ৰাৰ্ছৰ উদ্যোগত দেওবাৰে অনুষ্ঠিত হয় সদৌ অসম ভিত্তিত শৈলাৰোহন প্ৰশিক্ষণ শিবিৰ। ৩৭সংখ্যক বছৰৰ বাবে আয়োজিত এই কাৰ্যসূচীত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা ৫০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰে। শনিবাৰে এই প্ৰশিক্ষণ অনুষ্ঠিত হয় জাপৰিগোগত থকা ৰোহিনী ভূঞা শৈল ক্ষেত্ৰত।

এভাৰেষ্ট আৰোহী এক্সপ্ল’ৰাৰ্ছৰ সাধাৰণ সম্পাদক নন্দ দুলাল দাসৰ তত্বাৱধানত আয়োজিত এই শিবিৰত পৰ্বতাৰোহণৰ প্ৰাৰম্ভিক কলা-কৌশল সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰা হয়। প্ৰশিক্ষণ কাৰ্যসূচীত চিন্তু ডেকাইও প্ৰশিক্ষকৰূপে অংশ গ্ৰহণ কৰে।

উল্লেখ্য যে এই প্ৰশিক্ষণ কাৰ্যসূচীৰ পৰাই এক্সপ্ল’ৰাৰ্ছৰ পৰৱৰ্তী হিমালয় অভিযানৰ বাবে সুযোগ দিয়া হব। এই কাৰ্যসূচীত হিন্দুস্থান স্কাউটছ এণ্ড গাইডছে সহযোগিতা আগবঢ়াইছিল।

NKTV Digital
Author: NKTV Digital