NKTV Digital
Author: NKTV Digital

শিক্ষা মন্ত্ৰীৰে সদৌ অসম ডায়েট বিষয়া সন্থাৰ উচ্চস্তৰীয় বৈঠক

50

জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট) সমূহৰ বৰ্তমানৰ স্থিতি আৰু কার্যক্ষমতাৰ ক্ষেত্ৰত দেখা দিয়া বিভিন্ন দাবী সন্দৰ্ভত সদৌ অসম ডায়েট বিষয়া সন্থাৰ এক সঁজাতি দলৰ সৈতে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ এক বৈঠক অনুষ্ঠিত হয়। ২৭ জুনত অনুষ্ঠিত উক্ত বৈঠকত ডায়েট বিষয়া সন্থাৰ হৈ সম্পাদক প্ৰধান তথা প্ৰবক্তা ডঃ ঋতু পর্ণ মহন্তই শিক্ষামন্ত্ৰীৰ সন্মুখত বিস্তৃত স্মাৰকপত্ৰ দাখিল কৰে। স্মাৰক পত্ৰত ডায়েটৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ তথা ব্যৱস্থাপনাক অধিক শক্তিশালী কৰাৰ অৰ্থে নতুন শিক্ষা নীতিৰ আৰ্হিত পৰিৱর্তনৰ বিভিন্ন প্ৰস্তাৱ অন্তৰ্ভুক্ত কৰা হৈছে।

বৈঠকৰ মুখ্য আলোচ্য বিষয় আছিল দীৰ্ঘদিন ধৰি স্থবিৰ হৈ থকা উপাধি বা পদবী পৰিৱর্তনৰ দাবী- প্ৰবক্তা (Lecturer) ৰ স্থানত সহকাৰী অধ্যাপক (Assistant Professor) আৰু জ্যেষ্ঠ প্ৰবক্তা (Senior Lecturer) ৰ স্থানত সহযোগী অধ্যাপক (Associate Professor) ৰূপে স্বীকৃতি প্ৰদান কৰা| এই দাবীৰ ন্যায়সঙ্গত যুক্তিযুক্ততাৰ বাবে বিষয়া সন্থাই বিভিন্ন ৰাজ্যৰ পদবী আৰু দৰমহাৰ গাঁথনিৰ তুলনামূলক তথ্যৰ লগতে প্ৰাসংগিক নীতি-প্ৰমাণ সমূহ উপস্থাপন কৰি যাৱতীয় তথ্য দাখিল কৰে। মন্ত্ৰীগৰাকীয়ে এই দাবী গুৰুত্বসহকাৰে বিবেচনা কৰি বিষয়া সন্থাক দুটা দিশত সুনির্দিষ্ট তথ্য উপস্থাপন কৰিবলৈ অনুৰোধ জনায়- প্ৰথম ডায়েট সমূহক উচ্চ শিক্ষা বিভাগৰ অন্তৰ্গত কৰা উচিত বুলি ন্যায্য যুক্তি সম্বলিত তথ্য প্ৰদান কৰা তথা দ্বিতীয়তে উচ্চ শিক্ষাৰ প্রতিষ্ঠানসমূহৰ সৈতে পদবী আৰু দৰমহাত সমতা স্থাপন কৰাৰ বাবে শৈক্ষিক আৰু নীতিগত ন্যায্যতাৰ যুক্তি উপস্থাপন| এই ক্ষেত্ৰত সদৌ অসম ডায়েট বিষয়া সন্থাই অনতিপলমে বিস্তৃত যুক্তিসহ ব্যাখ্যা দাঙি ধৰি যাৱতীয় তথ্য দাখিল কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। বৈঠকৰ শেষত ডায়েট বিষয়া সন্থাৰ সভাপতি ইন্দ্রজিৎ গাম আৰু সম্পাদক প্ৰধান ডঃ ঋতু পর্ণ মহন্তই শিক্ষামন্ত্ৰীক সহযোগিতা আৰু মনোযোগৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।

NKTV Digital
Author: NKTV Digital