NKTV Digital
Author: NKTV Digital

অসম কন্যা লাভলীনাৰ সমৰ্থনত অসম চৰকাৰৰ বৃহত চাইকেল ৰেলী

52

গুৱাহাটী, ২১ জুলাই, NKTV:টকিঅ’ অলিম্পিকলৈ নিৰ্বাচিত হোৱা অসম কন্যা লাভলীনা বৰগোহাঁইয়ে ১৬ জুলাই, শুকুৰবাৰে টকিঅ’লৈ ৰাওনা হৈছিল। ইটালীৰ প্ৰশিক্ষণ কেম্পৰ পৰা টকিঅ’ লৈ ৰাউনা হৈছিল লাভলীনা। অলিম্পিকত জয় লাভেৰে পদক দখলৰ বাবে নিজকে সম্পূৰ্ণভাৱে সাজু কৰি তুলিছে খেলুৱৈ গৰাকীয়ে। উল্লেখ্য যে, ২৩ জুলাইৰ পৰা অনুষ্ঠিত হ’বলগীয়া টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ধনশিৰি মহকুমাৰ লাভলীনা বৰগোঁহাইয়ে। খেলুৱৈগৰাকীক লৈ পিতৃ-মাতৃ খুউব আশাবাদী। ইয়াৰ সমান্তৰালভাৱে ৰাজ্যবাসীৰ লগতে সমগ্ৰ দেশেও এতিয়া লাভলিনাৰ বিজয়ৰ বাবে কামনা কৰা পৰিলক্ষিত হৈছে।


আজি লাভলীনাৰ সমৰ্থনত অসম চৰকাৰে বিশাল চাইকেল ৰেলী উলিওৱা দেখিৱলৈ পোৱা গল। এই চাইকেল ৰেলী বিৰোধী দলৰ নেতাসকলেও চৰকাৰক সমৰ্থন জনাই চাইকেল ৰেলীত অংশ গ্ৰহণ কৰা দেখিৱলৈ পোৱা গল। গুৱাহাটীৰ লাষ্টগেটৰ পৰা চাইকেল চলাই নেহৰু ষ্টেডিয়ামত উপস্থিত হ’ল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা সহিতে ৰেলীত অংশ গ্ৰহণ কৰা লোক সকল। মুখ্যমন্ত্ৰীয়ে অসমবাসী ৰাইজক লাভলীনাৰ বিজয়ৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাবলৈ অনুৰোধ জনোৱা দেখিবলৈ পোৱা গ’ল।

NKTV Digital
Author: NKTV Digital