একতা কাপুৰে BTSলৈ ধন্যবাদ জ্ঞাপন কৰাৰ বাবেই ক্ষোভিত হৈ পৰিল ভাৰতীয় BTS Armyসকল

0 74

গুৱাহাটী, ২১ জুলাই, NKTV: অলপতে একতা কাপুৰে এটা টুইটাৰ থ্ৰেডলৈ সহাৰি জনাই RM তথা BTSৰ নেতা কিম নামজুনক ধন্যবাদ জ্ঞাপন কৰা পৰিলক্ষিত হৈছে। একতা কাপুৰে Ek Villainৰ হমদৰ্ড গানটোৰ লগত পৰিচিত হোৱাৰ বাবে RMক ধন্যবাদ জনাইছে। ইয়াৰ লগতে একতা কাপুৰে সংগীতৰ কোনো সীমা নাই বুলি উল্লেখ কৰি RMক ধন্যবাদ জ্ঞাপন কৰা পৰিলক্ষিত হৈছে। যদিও একতা কাপুৰৰ এই ধাৰণা ভাঙিলে ভাৰতীয় টুইটাৰৰ ব্যৱহাৰকাৰীয়ে।
উল্লেখযোগ্য যে, ভাৰততো চাউথ কোৰিয়াৰ বেণ্ড BTSৰ বিশাল অনুৰাগী আছে। বিশ্বৰ ভিন্ন প্ৰান্তৰ অনুৰাগীসকলৰ দৰেই BTSৰ ভাৰতীয় ARMYসকলেও বেণ্ডটোৰ লগত মানসিকভাৱে জড়িত। BTSৰ RM, Jin, Jimin, Jungkook, V, Suga আৰু J-Hopeএ যেতিয়া তেওঁলোকৰ ভাৰত ভ্ৰমণৰ ইচ্ছাৰ কথা প্ৰকাশ কৰিছিল তেতিয়া BTSৰ এজন die-hard ভাৰতীয় অনুৰাগীয়ে BTSৰ নেতা RMলৈ এটা আন্তৰিক লিখনি পঠিওৱা পৰিলক্ষিত হৈছিল।
অনুৰাগীগৰাকীয়ে লিখনিটোৰ সৈতে Ek Villain ছবিৰ হমদৰ্ড গীতটো ইংৰাজীলৈ অনুবাদ কৰি RMলৈ সমৰ্পিত কৰিছিল। BTSৰ নেতা RMএ ভাৰতীয় অনুৰাগীলৈ সমৰ্থন জনোৱাত অনুৰাগীগৰাকী আনন্দত জপিয়াই উঠিছিল। ইংৰাজীলৈ অনুবাদ কৰা হমদৰ্ড গীতটোৰ ‘সৰগ আৰু আন ক’তো থাকিব নোৱাৰে’ শাৰীটোলৈ RMএ সমৰ্থন জনাই ‘সৰগ ইয়াতেই আছে’ বুলি উল্লেখ কৰিছিল। অনুৰাগীগৰাকীয়ে টুইটাৰ RMএ সমৰ্থন জনোৱা এই টুইটাৰ থ্ৰেডটো শ্বেয়াৰ কৰিছিল। তাৰপিছতেই এই POSTটো একতা কাপুৰৰ দৃষ্টি গোচৰ হৈছিল।এই টুইটাৰ থ্ৰেডটোলৈ সমৰ্থন জনাই একতাই লিখিছিল- ‘হমদৰ্ড গীতটোৱে পুনবাৰ এই কথাকে প্ৰমাণ কৰিলে সংগীতৰ কোনো সীমা নাই, ধন্যবাদ RM’। একতায়ে তেওঁৰ ছবি Ek Villianৰ হমদৰ্ড গীতটোৰ লগত RMএ পৰিচয় হোৱাৰ বাবে BTSৰ নেতাজনক ধন্যবাদ জ্ঞপন কৰিছিল।
যদিও প্ৰকৃত কথাটো নজনাকৈ একতা কাপুৰে কৰা এই টুইটটোকলৈ ভাৰতীয় BTS Armyসকল ক্ষোভিত হৈ উঠা দেখিবলৈ পোৱা গ’ল। ইয়াৰ পিছতেই অনুৰাগীসকলৰ সমালোচনাৰ পাত্ৰ হৈ পৰিল একতা কাপুৰ। কিয়নো প্ৰকৃততে হমদৰ্ড গীতটো ইংৰাজীলৈ অনুবাদ কৰি BTSৰ নেতাজনলৈ ভাৰতীয় অনুৰাগী এগৰাকীয়েহে সমৰ্পিত কৰিছিল। এগৰাকী টুইটাৰ ব্যৱহাৰকাৰীয়ে একতাক সমালোচনা কৰি RMএ কেতিয়াবা জানো এই গীতটো শুনিছেনে বুলি সমালোচনা কৰাও পৰিলক্ষিত হ’ল।
ইয়াৰ বিপৰীতে আন এগৰাকী টুইটাৰ ব্যৱহাৰকাৰীয়ে উল্লেখ কৰে যে, ‘একতা মেডাম ভাৰতীয় অনুৰাগী এজনেহে হমদৰ্ড গীতটো অনুবাদ কৰি ‘সৰগ আৰু আন ক’তো থাকিব নোৱাৰে’বুলি লিখি RMলৈ সমৰ্পিত কৰা পিছত BTSৰ নেতাজনে ‘সৰগ ইয়াতেই আছে’ বুলি উল্লেখ কৰিছিল।’

Leave A Reply

Your email address will not be published.