NKTV Digital
Author: NKTV Digital

হিন্দুৰ পৰিচয় দি ৰহিম আলীয়ে পলুৱাই নিলে মাক-জীয়েকক

429

ৰাজ্যত পুনৰ চাঞ্চল্যকৰ ঘটনা।ৰহিম আলী নামৰ এজন মুছলমান যুৱকে প্ৰিন্স আৰু সোণমইনা নাম লৈ পলুৱাই নিলে হিন্দু মহিলাক। ঢকুৱাখনাত সংঘটিত হৈছে এই ঘটনা। ভুৱা পৰিচয়েৰে ঢকুৱাখনাৰ মানিকপুৰৰ মুছলমান যুৱক ৰহিম আলীয়ে পলুৱাই নিলে হাৰ্হি অঞ্চলৰ ৬ বছৰীয়া কন্যাসহ এগৰাকী মহিলাক। ফেচবুকত প্ৰিঞ্চ নামেৰে পৰিচয় দিছিল অভিযুক্ত যুৱকজনে। দীৰ্ঘদিনৰ পৰা মহিলাগৰাকীৰ স্বামী বহিঃৰাজ্যত থকাৰ সুযোগ লৈ মহিলাগৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল ৰহিম আলীয়ে। হিন্দু পৰিচয়ৰে লাহে লাহে মহিলাৰ কাষ চাপি আহিছিল ৰহিমে। শুকুৰবাৰে এই ঘটনাৰ পিছতে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনা সন্দৰ্ভত মহিলাগৰাকীৰ স্বামীয়ে ঢকুৱাখনা সদৰ থানাত গোচৰ তৰে। স্বামীৰ এজাহাৰৰ ভিত্তিত আজি আৰক্ষীয়ে অভিযান চলাই মহিলাগৰাকীৰ সৈতে আটক কৰে ৰহিম আলীক।

NKTV Digital
Author: NKTV Digital