আৰক্ষীৰ গুলীত গুলীবিদ্ধ চুপাৰী মাফিয়া আব্দুল হান্নান ওৰফে বাবলু

0 39

গুৱাহাটী, ২১ জুলাই, NKTV: দেওবাৰে নিশা গোলাঘাট জিলাৰ বোকাখাতৰ ক’হৰাৰ পৰা নাটকীয়ভাৱে বঙাইগাওঁ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল কুখ্যাত বাৰ্মীজ চুপাৰি মাফিয়া আব্দুল হান্নান আলি ওৰফে বাবলুক। আৰক্ষীৰ ধাৰাবাহিক জেৰাত বাবলুই স্বীকাৰ কৰে মনিপুৰৰ পৰা চোৰাং বাৰ্মীজ চুপাৰি সৰবৰাহ কৰি অসমৰ চুপাৰিৰ লগত মিহলোৱাৰ কথা।

আৰক্ষীয়ে তদন্ত সাপেক্ষে মঙ্গলবাৰে সন্ধিয়া বাবলুক লগত লৈ বঙাইগাওঁ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উপেন কলিতা, উপ পৰিদৰ্শক কৃষাণু পাঠকসহ এটি আৰক্ষী দলে চিৰাং জিলাৰ বিজনীৰ চৌৰাগুৰীৰ স্বপন মণ্ডল নামৰ চুপাৰি মাফিয়াজনৰ গুদাম তালাচী চলাবলৈ যায়। উক্ত স্থানৰ পৰা উভতি অহাৰ পিছতেই বঙাইগাঁৱৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিৰ পাঞ্জাৱী ধাবাৰ সমীপত ধৃত আব্দুল হান্নানে টয়লেট যোৱাৰ অজুহাতত পলাবলৈ চেষ্টা কৰে।

জানিব পৰা মতে, উপ পৰিদৰ্শক কৃষাণু পাঠকে বাবলুক কৰায়ত্ব কৰিবলৈ চেষ্টা কৰাৰ সময়তেই আৰক্ষী বিষয়াজনৰ মুখত পচণ্ড ঘোঁচা শোধায় ধৃত বাবলুই। আনহাতে, চুপাৰি মাফিয়া আব্দুল হান্নান ওৰফে বাবলুই ভাৰপ্ৰাপ্ত বিষয়া উপেন কলিতাৰ দেহৰক্ষী নাজিৰুদ্দিন খানৰ পৰা অস্ত্ৰ কাঢ়িবলৈ চেষ্টা চলাই তেওঁকো আক্ৰমন কৰাত আৰক্ষী বিষয়া কৃষাণু পাঠকে শূণ্যলৈ গুলি চালনা কৰে যদিও পলায়নৰ চেষ্টা কৰাত বাওঁভৰিত গুলিয়াই আহত কৰে চুপাৰি মাফিয়া তথা চুপাৰি ছিণ্ডিকেটৰ মাষ্টাৰ মাইণ্ড বাবলুক। ইয়াৰ পিছতে আহত বাবলুক বঙাইগাঁৱ অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা কৰাৰ অন্তত নিশাই জি এম চি এইছলৈ প্ৰেৰণ কৰে তেওঁক।

Leave A Reply

Your email address will not be published.