মদৰ বাবে টনকিয়াল হৈছে ৰাজভঁৰাল। বিজেপিৰ আমোলত দ্ৰুত হাৰত বৃদ্ধি পাইছে আবকাৰী ৰাজহ। সমান্তৰালকৈ ৰাজ্যত বৃদ্ধি পাইছে সুৰাৰ বিপনী। ২০১৬ চনৰপৰা বৰ্তমানলৈ অসমত ৩৯০ খন বাৰ, ১৪ খন বিলাতী সুৰাৰ বিপনী আৰু ৩৫৩ খন দেশীয় সুৰাৰ বিপনীৰ অনুজ্ঞাপত্ৰ প্ৰদান।

এই সময়ছোৱাত সুৰাৰ পৰা মুঠ ৰাজহ সংগ্ৰহ হৈছে ১৭ হাজাৰ ৫১১.১ কোটি টকা। ইয়াৰ ভিতৰত সংগৃহীত আবকাৰী ৰাজহৰ পৰিমাণ ১১ হাজাৰ ২৮৭.৫৫ কোটি টকা আৰু মূল্য সংযোজিত কৰ ৬ হাজাৰ ২২৯.৫৫ কোটি টকা। ইয়াৰ ভিতৰত ২০২১-২২ বিত্তীয় বৰ্ষত ১৯৩০.৬৭ কোটি টকা আবকাৰী ৰাজহ আৰু চলিত বিত্তীয় বৰ্ষৰ ফেব্ৰুৱাৰী মাহলৈকে মুঠ ২২০১.৯৪ কোটি টকা আবকাৰী ৰাজহ সংগ্ৰহ হৈছে।

ফলত নতুনকৈ পুনৰ ১১ খন জিলাত বিলাতী সুৰাৰ বিপনীৰ অনুজ্ঞাপত্ৰ দিয়াৰ বাবে ইতিমধ্যে অনুমোদন দিছে আবকাৰী বিভাগে। এক কথাত ৰাজকোষ টনকিয়াল কৰিবলৈ এতিয়া যেন সুৰাই হৈ পৰিছে ৰাজ্য চৰকাৰৰ একমাত্ৰ ভৰসা। একেসময়তে চৰকাৰে দাবী কৰি আহিছে সুৰাৰ বাবেই হেনো ৰাজ্যত সংঘটিত হৈ আহিছে অধিকাংশ দুৰ্ঘটনা।বুধবাৰে বিধানসভাত এই তথা দিয়ে আবকাৰী বিভাগে।